ছূৰা 18 · জুজ 15

Al-Kahf · 18:13

نَحْنُ نَقُصُّ عَلَيْكَ نَبَأَهُمْ بِالْحَقِّ ۚ إِنَّهُمْ فِتْيَةٌ آمَنُوا بِرَبِّهِمْ وَزِدْنَاهُمْ هُدًى

আমি তোমাৰ ওচৰত সিহঁতৰ বৃত্তান্ত সঠিকভাৱে বৰ্ণনা কৰিছো, সিহঁত আছিল কেইজনমান যুৱক, সিহঁতে নিজ প্ৰতিপালকৰ ওপৰত ঈমান আনিছিল আৰু আমি সিহঁতৰ হিদায়ত বৃদ্ধি কৰি দিছিলো,

তাফছীৰ

হে ৰাছুল! আমি আপোনাক প্ৰকৃত সত্যৰ সৈতে তেওঁলোকৰ বিষয়ে অৱগত কৰাম, য’ত কোনো সন্দেহ নাই। দৰাচলতে তেওঁলোক আছিল কেইজনমান উদীয়মান অহা যুৱক, যিসকলে নিজ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁৰ আনুগত্য সহকাৰে সৎকৰ্ম কৰিছিল, সেয়ে আমি তেওঁলোকৰ হিদায়ত আৰু সত্যৰ ওপৰত দৃঢ়তা বৃদ্ধি কৰি দিছিলোঁ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক