ছূৰা 17 · জুজ 15

Al-Isra · 17:71

يَوْمَ نَدْعُو كُلَّ أُنَاسٍ بِإِمَامِهِمْ ۖ فَمَنْ أُوتِيَ كِتَابَهُ بِيَمِينِهِ فَأُولَٰئِكَ يَقْرَءُونَ كِتَابَهُمْ وَلَا يُظْلَمُونَ فَتِيلًا

স্মৰণ কৰা, সেই দিনটোক, যিদিনা আমি প্ৰত্যেক সম্প্ৰদায়ক সিহঁতৰ ইমামসহ আহ্বান কৰিম। তাৰ পিছত যিসকলক সিহঁতৰ সোঁ হাতত আমলনামা দিয়া হ’ব, সিহঁতে নিজৰ আমলনামা পঢ়িব আৰু সিহঁতৰ ওপৰত অকণো অন্যায় কৰা নহ’ব।

তাফছীৰ

হে ৰাছুল! সেই দিৱসটোক স্মৰণ কৰক, যিদিনা আমি প্ৰত্যেক দলক সিহঁতৰ প্ৰতিনিধিৰ সৈতে আহ্বান কৰিম, যাক সিহঁতে পৃথিৱীত অনুসৰণ কৰিছিল। এতেকে যিসকলক কৰ্মপুথি সোঁ হাতত প্ৰদান কৰা হ'ব, তেওঁলোকে সন্তুষ্ট হৈ নিজৰ কৰ্মপুথি পঢ়িব। তেওঁলোকক প্ৰতিদান দিওঁতে অকণো হ্ৰাস কৰা নহ'ব। যদিও সেয়া খেজুৰৰ গুটিত থকা সুতাৰ সমানে নহওঁক কিয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক