ছূৰা 17 · জুজ 15

Al-Isra · 17:69

أَمْ أَمِنْتُمْ أَنْ يُعِيدَكُمْ فِيهِ تَارَةً أُخْرَىٰ فَيُرْسِلَ عَلَيْكُمْ قَاصِفًا مِنَ الرِّيحِ فَيُغْرِقَكُمْ بِمَا كَفَرْتُمْ ۙ ثُمَّ لَا تَجِدُوا لَكُمْ عَلَيْنَا بِهِ تَبِيعًا

অথবা তোমালোকে এই বিষয়ে নিশ্চিন্ত হৈছা নেকি যে, তেওঁ তোমালোকক দ্বিতীয়বাৰ সাগৰত লৈ নাযাব আৰু তোমালোকৰ বিৰুদ্ধে প্ৰচণ্ড ধুমুহা নপঠাব আৰু তোমালোকৰ কুফৰী কৰাৰ বাবে তোমালোকক তেওঁ ডুবাই নামাৰিব? তাৰ পিছত তোমালোকে আমাৰ বিৰুদ্ধে কোনো সহায়কাৰী বিচাৰি নাপাবা।

তাফছীৰ

নে তোমালোকক আল্লাহে পুনৰ সাগৰৰ মাজলৈ নি প্ৰচণ্ড ধুমুহাৰ সন্মুখীন কৰিব নোৱাৰিব বুলি নিশ্চিন্ত হৈছা, কাৰণ আল্লাহে তোমালোকক প্ৰথমবাৰ ৰক্ষা কৰি যি উপকাৰ কৰিছিল তাক তোমালোকে অস্বীকাৰ কৰিছা, সেয়ে তেওঁ তোমালোকক ডুবাই মাৰিব। এনেকুৱা পৰিস্থিতিত কোনেও আমাৰ বিৰুদ্ধে তোমালোকৰ প্ৰতিশোধ লোৱাৰ দাবীও নকৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক