ছূৰা 17 · জুজ 15
Al-Isra · 17:61
وَإِذْ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ قَالَ أَأَسْجُدُ لِمَنْ خَلَقْتَ طِينًا
আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলো, ‘আদমক ছাজদাহ কৰা’, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিছিল। সি কৈছিল, ‘মই ইয়াক ছাজদাহ কৰিমনে যাক তুমি বোকা মাটিৰে সৃষ্টি কৰিছা’?
তাফছীৰ
হে ৰাছুল! আপুনি সেই সময়ক স্মৰণ কৰক, যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলোঃ আদমৰ সন্মুখত ছালামী ছাজদাহ কৰা, এই ছাজদাহ ইবাদতৰ ছাজদাহ নহয়। এতেকে এই আদেশ পালন কৰি সকলোৱে ছাজদাহ কৰিলে, কিন্তু ইবলিছে অহংকাৰ কৰি ছাজদাহ নকৰিলে আৰু ক'লেঃ মই এনেকুৱা এজনক ছাজদাহ কৰিম নেকি যাক তুমি মাটিৰে সৃষ্টি কৰিছা; অথচ মই জুই শিখাৰে সৃষ্ট? নিশ্চয় মই ইয়াতকৈ উত্তম।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক