ছূৰা 17 · জুজ 15
Al-Isra · 17:23
۞ وَقَضَىٰ رَبُّكَ أَلَّا تَعْبُدُوا إِلَّا إِيَّاهُ وَبِالْوَالِدَيْنِ إِحْسَانًا ۚ إِمَّا يَبْلُغَنَّ عِنْدَكَ الْكِبَرَ أَحَدُهُمَا أَوْ كِلَاهُمَا فَلَا تَقُلْ لَهُمَا أُفٍّ وَلَا تَنْهَرْهُمَا وَقُلْ لَهُمَا قَوْلًا كَرِيمًا
আৰু তোমাৰ প্ৰতিপালকে আদেশ কৰিছে যে, তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা আৰু পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবা। তেওঁলোকৰ কোনোবা এজন অথবা উভয়েই যদি তোমাৰ জীৱন কালত বৃদ্ধাৱস্থাত উপনীত হয় তেন্তে তুমি তেওঁলোকক ‘উফ’ শব্দও নকৰিবা আৰু তেওঁলোকক ধমকো নিদিবা; তেওঁলোকৰ লগত সন্মানসূচক কথা কবা।
তাফছীৰ
হে মোৰ বান্দাসকল! তোমালোকৰ প্ৰতিপালকে আদেশ দিছে তথা অনিবাৰ্য কৰিছে যে, তেওঁৰ বাহিৰে যাতে আন কাৰো ইবাদত কৰা নহয়। লগতে পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰাৰ আদেশ দিছে, বিশেষকৈ বৃদ্ধ বয়সত। যদি পিতৃ-মাতৃৰ কোনোবা এজন অথবা দুয়োজনেই বৃদ্ধ বয়সত উপনীত হয় তেন্তে তেওঁলোকৰ লগত ধেৎ শব্দও ব্যৱহাৰ নকৰিবা। তেওঁলোকৰ ওপৰত খং নেদেখুৱাবা আৰু অন্তৰত আঘাত কৰা শব্দ ব্যৱহাৰ নকৰিবা। বৰং তেওঁলোকৰ সৈতে আদব সহকাৰে কোমল কথা ক'বা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক