ছূৰা 16 · জুজ 14

An-Nahl · 16:97

مَنْ عَمِلَ صَالِحًا مِنْ ذَكَرٍ أَوْ أُنْثَىٰ وَهُوَ مُؤْمِنٌ فَلَنُحْيِيَنَّهُ حَيَاةً طَيِّبَةً ۖ وَلَنَجْزِيَنَّهُمْ أَجْرَهُمْ بِأَحْسَنِ مَا كَانُوا يَعْمَلُونَ

ঈমানৰ অৱস্থাত পুৰুষে হওঁক বা নাৰী, যিয়েই সৎকৰ্ম কৰিব, অৱশ্যে আমি তাক পৱিত্ৰ জীৱন দান কৰিম। লগতে অৱশ্যে আমি তেওঁলোকক তেওঁলোকে যি আমল কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম।

তাফছীৰ

চৰীয়ত অনুযায়ী যিয়েই নেক কৰ্ম কৰিব, নাৰীয়েই হওক অথবা পুৰুষ, যদি তেওঁ আল্লাহৰ প্ৰতি বিশ্বাসী হয় তেন্তে আমি তেওঁক আল্লাহৰ ফয়চালাৰ প্ৰতি সন্তুষ্ট, লোভ-লালসা নথকা আৰু নেক কৰ্মৰ তাওফীক ভৰা পৱিত্ৰ জীৱন প্ৰদান কৰিম। লগতে আখিৰাতত আমি তেওঁলোকক পৃথিৱীত কৰা নেক আমলৰ উত্তম প্ৰতিফল দান কৰিম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক