ছূৰা 16 · জুজ 14
An-Nahl · 16:89
وَيَوْمَ نَبْعَثُ فِي كُلِّ أُمَّةٍ شَهِيدًا عَلَيْهِمْ مِنْ أَنْفُسِهِمْ ۖ وَجِئْنَا بِكَ شَهِيدًا عَلَىٰ هَٰؤُلَاءِ ۚ وَنَزَّلْنَا عَلَيْكَ الْكِتَابَ تِبْيَانًا لِكُلِّ شَيْءٍ وَهُدًى وَرَحْمَةً وَبُشْرَىٰ لِلْمُسْلِمِينَ
আৰু স্মৰণ কৰা, যেতিয়া আমি প্ৰত্যেক উম্মতৰ পৰা, সিহঁতৰ মাজৰ পৰাই সিহঁতৰ বিৰুদ্ধে একোজনকৈ সাক্ষী উত্থিত কৰিম আৰু তোমাক আমি তেওঁলোকৰ ওপৰত সাক্ষীৰূপে লৈ আহিম; কাৰণ আমি তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো প্ৰত্যেক বিষয়ৰ স্পষ্ট ব্যাখ্যাস্বৰূপ, পথ নিৰ্দেশ, ৰহমত আৰু মুছলিমসকলৰ বাবে সুসংবাদস্বৰূপ।
তাফছীৰ
হে ৰাছুল! সেই দিৱসটোক স্মৰণ কৰক, যেতিয়া আমি প্ৰত্যেক সম্প্ৰদায়ৰ একোজনকৈ ৰাছুল উপস্থিত কৰাম, তেওঁলোকে সেই সম্প্ৰদায়ৰ কুফৰী আৰু ঈমানৰ সাক্ষ্য দান কৰিব। ৰাছুলজন সেই সম্প্ৰদায়ৰে হ'ব আৰু সিহঁতৰ ভাষাতেই কথা ক'ব। হে ৰাছুল! আমি আপোনাক সকলো সম্প্ৰদায়ৰ সাক্ষী হিচাপে উপস্থাপন কৰিম। আমি আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো যাতে আপুনি হালাল-হাৰাম, নেকী আৰু শাস্তিৰ বিষয়বোৰ স্পষ্টভাৱে বৰ্ণনা কৰে, যিবোৰ বৰ্ণনা কৰা আৱশ্যক। আমি ইয়াক মানুহৰ বাবে সত্যৰ পথপ্ৰদৰ্শক হিচাপে আৰু সেইসকল লোকৰ বাবে ৰহমত হিচাপে অৱতীৰ্ণ কৰিছোঁ যিসকলে ইয়াৰ প্ৰতি ঈমান আনিছে আৰু তাত থকা বিধি-বিধান অনুযায়ী আমল কৰিছে। লগতে এইখনক মুমিনসকলৰ বাবে আল্লাহৰ চিৰস্থায়ী নিয়ামতৰ সুসংবাদৰূপে অৱতীৰ্ণ কৰিছোঁ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক