ছূৰা 16 · জুজ 14

An-Nahl · 16:75

۞ ضَرَبَ اللَّهُ مَثَلًا عَبْدًا مَمْلُوكًا لَا يَقْدِرُ عَلَىٰ شَيْءٍ وَمَنْ رَزَقْنَاهُ مِنَّا رِزْقًا حَسَنًا فَهُوَ يُنْفِقُ مِنْهُ سِرًّا وَجَهْرًا ۖ هَلْ يَسْتَوُونَ ۚ الْحَمْدُ لِلَّهِ ۚ بَلْ أَكْثَرُهُمْ لَا يَعْلَمُونَ

আল্লাহে উপমা দাঙি ধৰিছে, আনৰ অধিকাৰভূক্ত এজন দাসৰ, যাৰ কোনো বস্তুৰ ওপৰত অধিকাৰ নাই আৰু এনে এজন ব্যক্তিৰ যাক আমি আমাৰ তৰফৰ পৰা উত্তম জীৱিকা দান কৰিছো আৰু তেওঁ তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰে; (এতেকে কোৱাচোন!) উভয় ব্যক্তি সমান হ’ব পাৰেনে? সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই প্ৰাপ্য; বৰং সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।

তাফছীৰ

আল্লাহে মুশ্বৰিকসকলৰ দাবী খণ্ডন কৰিবলৈ এটা উদাহৰণ দাঙি ধৰিছে। ধৰি লোৱা, এজন পৰাধীন দাস আছে, যাৰ হাতত কোনো অধিকাৰ নাই। ব্যয় কৰিবলৈও তাৰ হাতত একো নাই। আনহাতে এজন স্বাধীন ব্যক্তি আছে, যাক আমি প্ৰচুৰ পৰিমাণে বৈধ সম্পদ প্ৰদান কৰিছো, সি নিজ ইচ্ছা মতে ব্যয় কৰিব পাৰে। প্ৰকাশ্য, অপ্ৰকাশ্য যি ধৰণে ইচ্ছা কৰে ব্যয় কৰে। এই দুয়োজন ব্যক্তি তুলনামূলকভাৱে কেতিয়াও সমান হ'ব নোৱাৰে। তেন্তে তোমালোকে আল্লাহক, যাৰ হাতত নিজ ইচ্ছা মতে ব্যয় কৰাৰ ক্ষমতা আছে, সেই মূৰ্তিবোৰৰ লগত কিয় তুলনা কৰা যিবোৰ স্বয়ং বিৱশ? সকলো প্ৰকাৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, কেৱল তেৱেঁই প্ৰশংসাৰ অধিকাৰী। কিন্তু অধিকাংশ মুশ্বৰিকে এই সত্য সম্পৰ্কে অৱগত নহয় যে, একমাত্ৰ আল্লাহেই ইবাদতৰ হকদাৰ, আৰু কেৱল তেওঁৰেই ইবাদত কৰা উচিত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক