ছূৰা 16 · জুজ 14
An-Nahl · 16:73
وَيَعْبُدُونَ مِنْ دُونِ اللَّهِ مَا لَا يَمْلِكُ لَهُمْ رِزْقًا مِنَ السَّمَاوَاتِ وَالْأَرْضِ شَيْئًا وَلَا يَسْتَطِيعُونَ
আৰু সিহঁতে আল্লাহৰ বাহিৰে এনে কিছুমানৰ উপাসনা কৰে, আকাশসমূহ আৰু পৃথিৱীৰ পৰা সিহঁতক জীৱনোপকৰণ দিয়াৰ যিসকলৰ কোনো অধিকাৰ নাই আৰু অধিকাৰী হোৱাৰ ক্ষমতাও নাই।
তাফছীৰ
এই মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে এনেকুৱা মূৰ্তিৰ পূজা কৰে, যিবোৰে আকাশমণ্ডল তথা পৃথিৱীৰ পৰা সিহঁতক জীৱিকা প্ৰদান কৰিবলৈ সক্ষম নহয়। আৰু এয়া সিহঁতৰ অধীনতো নহয়। কাৰণ সেইবোৰ হৈছে নিৰ্জীৱ বস্তু, সেইবোৰৰ প্ৰাণো নাই, জ্ঞানো নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক