ছূৰা 16 · জুজ 14
An-Nahl · 16:42
الَّذِينَ صَبَرُوا وَعَلَىٰ رَبِّهِمْ يَتَوَكَّلُونَ
যিসকলে ধৈৰ্য ধাৰণ কৰে আৰু তেওঁলোকৰ প্ৰতিপালকৰ ওপৰত নিৰ্ভৰ কৰে।
তাফছীৰ
আল্লাহৰ পথত হিজৰতকাৰী লোকসকল হৈছে সেইসকল লোক, যিসকলে নিজ সম্প্ৰদায়ৰ শাস্তি আৰু পৰিয়াল-পৰিজন ত্যাগ কৰাৰ ক্ষেত্ৰত ধৈৰ্য ধাৰণ কৰিছে, আল্লাহৰ আনুগত্য পালনত ব্ৰতী আছিল, তেওঁলোকে নিজৰ সকলো কামতে আল্লাহৰ প্ৰতি ভৰসা কৰিছিল। সেয়ে আল্লাহে তেওঁলোকক এই মহান প্ৰতিফল দান কৰিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক