ছূৰা 16 · জুজ 14
An-Nahl · 16:34
فَأَصَابَهُمْ سَيِّئَاتُ مَا عَمِلُوا وَحَاقَ بِهِمْ مَا كَانُوا بِهِ يَسْتَهْزِئُونَ
সেয়ে সিহঁতৰ ওপৰত আপতিত হৈছিল সিহঁতৰেই বেয়া কৰ্মৰ পৰিণতি আৰু সিহঁতে যিটো লৈ উপহাস কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিছে।
তাফছীৰ
ফলত সিহঁতৰ ওপৰত সিহঁতৰ আমলৰ শাস্তি অৱতীৰ্ণ হৈছে, আৰু সেই শাস্তিয়ে সিহঁতক পৰিবেষ্টন কৰি লৈছে যিটোক সিহঁতৰ ওচৰত বৰ্ণনা কৰাত সিহঁতে উপহাস কৰিছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক