ছূৰা 16 · জুজ 14

An-Nahl · 16:20

وَالَّذِينَ يَدْعُونَ مِنْ دُونِ اللَّهِ لَا يَخْلُقُونَ شَيْئًا وَهُمْ يُخْلَقُونَ

আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক আহ্বান কৰে সিহঁতে একোৱেই সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁতকেই সৃষ্টি কৰা হয়।

তাফছীৰ

মুশ্বৰিকসকলে আল্লাহক এৰি যিবোৰৰ উপাসনা কৰে, সেইবোৰে একোৱে সৃষ্টি কৰিব নোৱাৰে, যিমানেই সৰু বস্তু নহওঁক কিয়। বৰং সিহঁতে যিবোৰৰ উপাসনা কৰে, সেইবোৰক সিহঁতে নিজ হাতেৰে প্ৰস্তুত কৰে। এতেকে সিহঁতে যিবোৰ মূৰ্তিক নিজ হাতেৰে গঢ়ি তোলে, সেইবোৰক সিহঁতে কেনেকৈ আল্লাহৰ পৰিবৰ্তে উপাসনা কৰে?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক