ছূৰা 16 · জুজ 14

An-Nahl · 16:18

وَإِنْ تَعُدُّوا نِعْمَةَ اللَّهِ لَا تُحْصُوهَا ۗ إِنَّ اللَّهَ لَغَفُورٌ رَحِيمٌ

আৰু তোমালোকে আল্লাহৰ অনুগ্ৰহ গণিলে কেতিয়াও তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।

তাফছীৰ

হে মানৱজাতি! তোমালোকে যদি আল্লাহে প্ৰদান কৰা নিয়ামতসমূহ গণনা কৰিব বিচৰা, সেইবোৰ ইমান বেছি আৰু ইমান প্ৰকাৰৰ যে, সেইবোৰ গণনা কৰি শেষ কৰিব নোৱাৰিবা। নিশ্চয় আল্লাহ ক্ষমাশীল, সেই কাৰণেই এইবোৰ নিয়ামতৰ কৃতজ্ঞতাৰ ক্ষেত্ৰত তোমালোকে অৱহেলা কৰাৰ পিছতো তেওঁ তোমালোকক জবাবদিহি নকৰে। তেওঁ অতি দয়ালু, তোমালোকে গুনাহ আৰু অবাধ্যতা কৰাৰ পিছতো তেওঁ তোমালোকক নিয়ামতৰ পৰা বঞ্চিত নকৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক