ছূৰা 16 · জুজ 14
An-Nahl · 16:14
وَهُوَ الَّذِي سَخَّرَ الْبَحْرَ لِتَأْكُلُوا مِنْهُ لَحْمًا طَرِيًّا وَتَسْتَخْرِجُوا مِنْهُ حِلْيَةً تَلْبَسُونَهَا وَتَرَى الْفُلْكَ مَوَاخِرَ فِيهِ وَلِتَبْتَغُوا مِنْ فَضْلِهِ وَلَعَلَّكُمْ تَشْكُرُونَ
আৰু তেৱেঁই সাগৰক নিয়োজিত কৰিছে, যাতে তোমালোকে তাৰ পৰা (মাছৰ) সতেজ মাংস খাব পাৰা লগতে যাতে তোমালোকে তাৰ পৰা ৰত্নাৱলী আহৰণ কৰিব পাৰা যিবোৰ তোমালোকে ভূষণৰূপে পৰিধান কৰা; আৰু তোমালোকে দেখিবলৈ পোৱা যে, সাগৰৰ বুকু ভেদ কৰি নৌযান চলাচল কৰে, এইটো এই বাবে যে, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা;
তাফছীৰ
তেৱেঁই পৱিত্ৰ আল্লাহ, যিয়ে সাগৰক তোমালোকৰ সেৱাত নিয়োজিত কৰিছে। এতেকে তেৱেঁই তোমালোকক সাগৰত ভ্ৰমণ কৰাৰ আৰু তাৰ তলত অৱস্থিত বস্তুবোৰ উলিয়াই অনাৰ ক্ষমতা প্ৰদান কৰিছে। যাতে তোমালোকে সাগৰৰ মাছ ধৰি ভক্ষণ কৰিব পাৰা, লগতে তাৰ পৰা সৌন্দৰ্যময় বস্তু উলিয়াই নিজে পৰিধান কৰিব পাৰা আৰু তোমালোকৰ স্ত্ৰীসকলক পৰিধান কৰাব পাৰা, যেনে মুকুতা আদি। তোমালোকে নিশ্চয় দেখা পাইছা সাগৰৰ বুকু ফালি চলাচল কৰা জাহাজবোৰক। তোমালোকে আল্লাহৰ অনুগ্ৰহত ব্যৱসায়ৰ পৰা উন্নতি লাভ কৰিবলৈ সেইবোৰত আৰোহণ কৰা। আৰু এই আশাত যে, যাতে আল্লাহে কৰা নিয়ামতৰ বাবে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা, আৰু কেৱল তেওঁৰেই ইবাদত কৰিব পাৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক