ছূৰা 16 · জুজ 14
An-Nahl · 16:119
ثُمَّ إِنَّ رَبَّكَ لِلَّذِينَ عَمِلُوا السُّوءَ بِجَهَالَةٍ ثُمَّ تَابُوا مِنْ بَعْدِ ذَٰلِكَ وَأَصْلَحُوا إِنَّ رَبَّكَ مِنْ بَعْدِهَا لَغَفُورٌ رَحِيمٌ
তাৰ পিছত যিসকলে অজ্ঞতাবশত বেয়া কাম কৰে, পিছত (যদি) সিহঁতে তাওবা কৰে আৰু নিজকে সংশোধন কৰে, তেন্তে ইয়াৰ পিছতো নিশ্চয় তেওঁলোকৰ বাবে তোমাৰ ৰব অতি ক্ষমাশীল, পৰম দয়ালু।
তাফছীৰ
হে ৰাছুল! যিসকল লোকে পৰিণাম নজনাকৈ বেয়া কৰ্ম কৰিছে, যদিও সেই কৰ্মটো জানি বুজি কৰিছে কিন্তু দুস্কাৰ্য কৰাৰ পিছত অনুতপ্ত হৈ তাওবা কৰিছে, লগতে সৎকৰ্ম কৰি নিজকে সংশোধন কৰিছে, তেনেকুৱা ব্যক্তিৰ তাওবা আপোনাৰ প্ৰতিপালকে কবূল কৰিব আৰু নিশ্চয় সিহঁতৰ গুনাহ ক্ষমা কৰিব আৰু সিহঁতৰ প্ৰতি দয়া কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক