ছূৰা 16 · জুজ 14
An-Nahl · 16:116
وَلَا تَقُولُوا لِمَا تَصِفُ أَلْسِنَتُكُمُ الْكَذِبَ هَٰذَا حَلَالٌ وَهَٰذَا حَرَامٌ لِتَفْتَرُوا عَلَى اللَّهِ الْكَذِبَ ۚ إِنَّ الَّذِينَ يَفْتَرُونَ عَلَى اللَّهِ الْكَذِبَ لَا يُفْلِحُونَ
আৰু তোমালোকৰ জিভাৰ দ্বাৰা বনাই মিছাৰ ওপৰত নিৰ্ভৰ কৰি ‘এইটো হালাল আৰু এইটো হাৰাম’ বুলি নক’বা। নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি মিছা কথা আৰোপ কৰে সিহঁতে কেতিয়াও সফল নহব।
তাফছীৰ
হে মুশ্বৰিকসকল! তোমালোকে নিজ মুখেৰে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি এই কথা নক'বা যে, এইটো বস্তু হালাল আৰু এইটো বস্তু হাৰাম। এই উদ্দেশ্যত যে, আল্লাহে যিটো বস্তু হালাল কৰা নাই সেইটো যাতে হালাল হৈ যায় আৰু তেওঁ যিটো বস্তু হাৰাম কৰা নাই সেইটো যাতে হাৰাম হৈ যায়। নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি মিথ্যাৰোপ কৰে সিহঁতে কেতিয়াও নিজৰ উদ্দেশ্যত সফল হ'ব নোৱাৰিব। লগতে ভয়-ভীতিৰ পৰাও ৰক্ষা নাপাব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক