ছূৰা 16 · জুজ 14
An-Nahl · 16:113
وَلَقَدْ جَاءَهُمْ رَسُولٌ مِنْهُمْ فَكَذَّبُوهُ فَأَخَذَهُمُ الْعَذَابُ وَهُمْ ظَالِمُونَ
আৰু অৱশ্যে সিহঁতৰ ওচৰত, সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল আহিছিল, কিন্তু সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল। ফলত অন্যায়কাৰী অৱস্থাতেই শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে।
তাফছীৰ
মক্কাৰ অধিবাসীসকলৰ ওচৰলৈ সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল আহিল, যাৰ সত্যবাদিতা আৰু আমানতদাৰিতা সম্পৰ্কে সিহঁত অধিক অৱগত আছিল। তেওঁ হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। কিন্তু সিহঁতে তেওঁক আৰু তেওঁৰ প্ৰতিপালকে তেওঁৰ ওপৰত যি অৱতীৰ্ণ কৰিছিল সেয়া অস্বীকাৰ কৰিলে। ফলস্বৰূপে সিহঁতৰ ওপৰত ভয় আৰু দুৰ্ভিক্ষৰূপে আল্লাহৰ শাস্তি অৱতীৰ্ণ হ'ল। সিহঁত নিজেই নিজৰ ওপৰত অন্যায় কৰিছিল, কাৰণ সিহঁতে আল্লাহৰ লগত শ্বিৰ্ক কৰি আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰি নিজকে বিনাশৰ গৰালত পেলাইছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক