ছূৰা 16 · জুজ 14

An-Nahl · 16:111

۞ يَوْمَ تَأْتِي كُلُّ نَفْسٍ تُجَادِلُ عَنْ نَفْسِهَا وَتُوَفَّىٰ كُلُّ نَفْسٍ مَا عَمِلَتْ وَهُمْ لَا يُظْلَمُونَ

স্মৰণ কৰা সেই দিনটোক, যিদিনা প্ৰত্যেক ব্যক্তিয়ে আত্মপক্ষ সমৰ্থনত যুক্তি-তৰ্ক লৈ উপস্থিত হ’ব আৰু প্ৰত্যেককে সি যি আমল কৰিছে সেয়া পৰিপূৰ্ণৰূপে দিয়া হ’ব আৰু সিহঁতৰ প্ৰতি (কোনো প্ৰকাৰ) অন্যায় কৰা নহ’ব।

তাফছীৰ

হে ৰাছুল! স্মৰণ কৰক সেই দিৱসটো, যিদিনা প্ৰত্যেক মানুহে নিজৰ বিষয়ে বাদানুবাদ কৰিব। কোনেও বেলেগৰ হৈ বাদানুবাদ নকৰিব। প্ৰত্যেককে তাৰ ভাল বেয়া কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দিয়া হ'ব। সিহঁতৰ ছোৱাব হ্ৰাস কৰি নাইবা গুনাহ বৃদ্ধিৰ দ্বাৰা সিহঁতৰ কোনো অন্যায় কৰা নহ'ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক