ছূৰা 16 · জুজ 14

An-Nahl · 16:108

أُولَٰئِكَ الَّذِينَ طَبَعَ اللَّهُ عَلَىٰ قُلُوبِهِمْ وَسَمْعِهِمْ وَأَبْصَارِهِمْ ۖ وَأُولَٰئِكَ هُمُ الْغَافِلُونَ

ইহঁতেই সেইসকল লোক, যিসকলৰ অন্তৰত, কাণ আৰু চকুত আল্লাহে মোহৰ মাৰি দিছে; আৰু সিহঁতেই উদাসীন।

তাফছীৰ

ঈমান পোষণ কৰাৰ পিছত এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলেই আঁতৰি যায়, যিসকলৰ অন্তৰত আল্লাহে মোহৰ মাৰি দিছে, সেইকাৰণেই সিহঁতে উপদেশ বুজি নাপায়। সিহঁতৰ কাণত মোহৰ মাৰি দিছে, ফলত সিহঁতে উপকৃত হোৱাৰ উদ্দেশ্যে শুনিব নোৱাৰে। সিহঁতৰ চকুত মোহৰ মাৰি দিছে, ফলত সিহঁতে ঈমানৰ প্ৰমাণ সাব্যস্ত কৰা নিদৰ্শনসমূহ চাব নোৱাৰে। এনেকুৱা লোকসকলেই সৌভাগ্য আৰু দুৰ্ভাগ্যৰ কাৰণসমূহৰ পৰা অমনোযোগী। লগতে সিহঁতে সেই শাস্তিৰ পৰাও অমনোযোগী, যিটো সিহঁতৰ বাবে আল্লাহে প্ৰস্তুত কৰি ৰাখিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক