ছূৰা 16 · জুজ 14

An-Nahl · 16:101

وَإِذَا بَدَّلْنَا آيَةً مَكَانَ آيَةٍ ۙ وَاللَّهُ أَعْلَمُ بِمَا يُنَزِّلُ قَالُوا إِنَّمَا أَنْتَ مُفْتَرٍ ۚ بَلْ أَكْثَرُهُمْ لَا يَعْلَمُونَ

আৰু যেতিয়া আমি এটা আয়াতৰ স্থান পৰিবৰ্তন কৰি আন এটা আয়াত দিওঁ—আৰু সেই সম্পৰ্কে আল্লাহেই ভালকৈ জানে কি তেওঁ অৱতীৰ্ণ কৰিব--, তেতিয়া সিহঁতে কয়, ‘নিশ্চয় তুমি এজন মিছা ৰচনাকাৰী’, বৰং সিহঁতৰ অধিকাংশই নাজানে।

তাফছীৰ

আৰু আমি যেতিয়া কোৰআনৰ কোনো এটা আয়াত আন এটা আয়াতৰ দ্বাৰা ৰহিত কৰোঁ, (এই ক্ষেত্ৰত আল্লাহেই সৰ্বজ্ঞ, কোনটো আয়াত ৰহিত কৰা উচিত আৰু কোনটো নহয়) তেতিয়া সিহঁতে কয়ঃ হে মুহাম্মদ! তুমি এজন মিছলীয়া, আল্লাহ সম্পৰ্কে মিছা কথা বিয়পাই আছা। প্ৰকৃততে সিহঁতৰ অধিকাংশই নাজানে যে, ৰহিত কৰাৰ দায়িত্ব আল্লাহৰ হাতত, তেওঁ বিশেষ হিকমতত এনেকুৱা কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক