ছূৰা 13 · জুজ 13
Ar-Ra'd · 13:39
يَمْحُو اللَّهُ مَا يَشَاءُ وَيُثْبِتُ ۖ وَعِنْدَهُ أُمُّ الْكِتَابِ
আল্লাহে যি ইচ্ছা কৰে সেয়া মুচি দিয়ে আৰু যি ইচ্ছা কৰে সেয়া প্ৰতিষ্ঠিত কৰে আৰু তেওঁৰ ওচৰতেই আছে উম্মুল কিতাব।
তাফছীৰ
আল্লাহে যিটো কল্যাণ অথবা অকল্যাণ নাইবা সৌভাগ্য বা দুৰ্ভাগ্য মচি দিব বিচাৰে সেইটো মচি দিয়ে। আনহাতে যিটো ৰাখিব বিচাৰে সেইটো ৰাখি দিয়ে। তেওঁৰ ওচৰত আছে লাওহে মাহফুজ (সুৰক্ষিত ফলক)। সেইটো হৈছে সকলো ফয়চালাৰ মূল উৎস। মচি দিয়া তথা প্ৰতিষ্ঠিত ৰখাৰ সকলো কৰ্ম তাত লিপিবদ্ধ ফয়চালা অনুসাৰেই সম্পাদিত হয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক