ছূৰা 13 · জুজ 13
Ar-Ra'd · 13:36
وَالَّذِينَ آتَيْنَاهُمُ الْكِتَابَ يَفْرَحُونَ بِمَا أُنْزِلَ إِلَيْكَ ۖ وَمِنَ الْأَحْزَابِ مَنْ يُنْكِرُ بَعْضَهُ ۚ قُلْ إِنَّمَا أُمِرْتُ أَنْ أَعْبُدَ اللَّهَ وَلَا أُشْرِكَ بِهِ ۚ إِلَيْهِ أَدْعُو وَإِلَيْهِ مَآبِ
আৰু আমি যিসকলক কিতাব প্ৰদান কৰিছো তেওঁলোকে তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাত আনন্দ পায়। কিন্তু দলসমূহৰ কিছুমানে ইয়াৰ কিছু অংশক অস্বীকাৰ কৰে। কোৱা, ‘মোক আদেশ কৰা হৈছে মই যাতে কেৱল আল্লাহৰ ইবাদত কৰো আৰু তেওঁৰ লগত যাতে আন কাকো অংশী নকৰো। মই তেওঁৰ পিনেই আহ্বান কৰো আৰু তেওঁৰ ওচৰতেই মোৰ প্ৰত্যাৱৰ্তন’।
তাফছীৰ
যিসকল ইয়াহুদীক আমি তাওৰাত প্ৰদান কৰিছো আৰু যিসকল খৃষ্টানক আমি ইঞ্জীল প্ৰদান কৰিছো তেওঁলোকে আপোনাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাকলৈ আনন্দিত, কাৰণ ই তেওঁলোকৰ প্ৰতি অৱতীৰ্ণ হোৱা কিছুমান বিধানক সমৰ্থন কৰে। ইয়াহুদী আৰু খৃষ্টানসকলৰ বিভিন্ন সম্প্ৰদায়ে আপোনাৰ প্ৰতি অৱতীৰ্ণ কিছুমান বিধানক অস্বীকাৰ কৰে, কাৰণ সেইবোৰ সিহঁতৰ আকাংক্ষা মুতাবিক নহয় অথবা পৰিবৰ্তন তথা বিকৃত কৰাৰ ফলত সিহঁতৰ বিধানৰ লগত মিলা নাই। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, আল্লাহে মোক আদেশ দিছে মই যেন কেৱল তেওঁৰেই ইবাদত কৰোঁ আৰু তেওঁৰ লগত যাতে আন কাকো অংশী স্থাপন নকৰো। মই কেৱল তেওঁৰ পিনেই আহ্বান কৰো, তেওঁৰ বাহিৰে আন কৰো পিনে আহ্বান নকৰো। আৰু কেৱল তেওঁৰ পিনেই মই প্ৰত্যাৱৰ্তন কৰিম। তাওৰাত আৰু ইঞ্জীলেও এই শিক্ষা লৈ আহিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক