ছূৰা 13 · জুজ 13

Ar-Ra'd · 13:27

وَيَقُولُ الَّذِينَ كَفَرُوا لَوْلَا أُنْزِلَ عَلَيْهِ آيَةٌ مِنْ رَبِّهِ ۗ قُلْ إِنَّ اللَّهَ يُضِلُّ مَنْ يَشَاءُ وَيَهْدِي إِلَيْهِ مَنْ أَنَابَ

আৰু যিসকলে কুফৰী কৰিছে সিহঁতে কয়, ‘এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওচৰত কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? কোৱা, ‘আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যিসকল তেওঁৰ অভিমুখী তেওঁ তেওঁলোকক তেওঁৰ পথ দেখুৱায়’।

তাফছীৰ

যিসকলে আল্লাহক আৰু তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰিছে সিহঁতে কয়ঃ মুহাম্মদৰ ওপৰত তেওঁৰ সত্যতাৰ প্ৰতীক স্বৰূপে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা কোনো প্ৰত্যক্ষ নিদৰ্শন কিয় অৱতীৰ্ণ নহয়, যাৰ প্ৰতি আমি বিশ্বাস কৰিলোহেঁতেন। হে ৰাছুল! আপুনি এই প্ৰস্তাৱ প্ৰদানকাৰীসকলক কৈ দিয়কঃ আল্লাহে যাক ইচ্ছা কৰে, ন্যায় অনুসাৰে পথভ্ৰষ্ট কৰে। কিন্তু যিয়ে তাওবা কৰি তেওঁৰ পিনে প্ৰত্যাৱৰ্তন কৰে তাক হিদায়ত প্ৰদান কৰে। হিদায়ত সিহঁতৰ হাতত নহয় যে সিহঁতে ইচ্ছা কৰিলেই হিদায়তক নিদৰ্শনৰ লগত সম্পৃক্ত কৰি দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক