ছূৰা 13 · জুজ 13

Ar-Ra'd · 13:25

وَالَّذِينَ يَنْقُضُونَ عَهْدَ اللَّهِ مِنْ بَعْدِ مِيثَاقِهِ وَيَقْطَعُونَ مَا أَمَرَ اللَّهُ بِهِ أَنْ يُوصَلَ وَيُفْسِدُونَ فِي الْأَرْضِ ۙ أُولَٰئِكَ لَهُمُ اللَّعْنَةُ وَلَهُمْ سُوءُ الدَّارِ

আনহাতে যিসকলে আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱাৰ পিছত সেয়া ভঙ্গ কৰে, যি সম্পৰ্ক অটুট ৰাখিবলৈ আল্লাহে আদেশ কৰিছে সেয়া ছিন্ন কৰে আৰু পৃথিৱীত অশান্তি সৃষ্টি কৰি ফুৰে, সিহঁতৰ বাবে আছে অভিশাপ লগতে সিহঁতৰ বাবে আছে আখিৰাতৰ নিকৃষ্ট আবাসস্থল।

তাফছীৰ

যিসকলে আল্লাহৰ লগত দৃঢ় প্ৰতিশ্ৰুতি কৰাৰ পিছত সেয়া ভঙ্গ কৰে, লগতে সেই সকলো আত্মীয়তাৰ বন্ধন বিচ্ছিন্ন কৰে যিবোৰ বজাই ৰখাৰ নিৰ্দেশ আল্লাহে প্ৰদান কৰিছে। লগতে পৃথিৱীত গুনাহৰ দ্বাৰা বিপৰ্যয় সৃষ্টি কৰে, এইসকলেই হৈছে দুৰ্ভগীয়া, যিসকল আল্লাহৰ কৃপাৰ পৰা বঞ্চিত থাকিব, আৰু সিহঁতৰ পৰিণাম হৈছে অত্যন্ত নিকৃষ্ট, সেয়া হৈছে জাহান্নাম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক