ছূৰা 12 · জুজ 12

Yusuf · 12:9

اقْتُلُوا يُوسُفَ أَوِ اطْرَحُوهُ أَرْضًا يَخْلُ لَكُمْ وَجْهُ أَبِيكُمْ وَتَكُونُوا مِنْ بَعْدِهِ قَوْمًا صَالِحِينَ

‘তোমালোকে ইউছুফক হত্যা কৰা অথবা কোনো এটা ঠাইত তাক পেলাই থৈ আহা, তেতিয়াহে তোমালোকৰ পিতৃৰ দৃষ্টি কেৱল তোমালোকৰ পিনেই নিবিষ্ট হ’ব আৰু তাৰ পিছত তোমালোক সৎ হৈ যাবা’।

তাফছীৰ

এতেকে ইউছুফক হত্যা কৰা অথবা বহু দূৰত ক’ৰবাত নিক্ষেপ কৰাগৈ, ফলত তোমালোকৰ পিতৃয়ে তোমালোকৰ প্ৰতি পৰিপূৰ্ণৰূপে মনোযোগ প্ৰদান কৰিব আৰু পৰিপূৰ্ণ স্নেহ প্ৰদান কৰিব। তাক হত্যা অথবা গায়েব কৰাৰ পিছত নিজৰ গুনাহৰ পৰা তাওবা কৰি নেক লোকৰ অন্তৰ্ভুক্ত হৈ যাবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক