ছূৰা 12 · জুজ 13
Yusuf · 12:88
فَلَمَّا دَخَلُوا عَلَيْهِ قَالُوا يَا أَيُّهَا الْعَزِيزُ مَسَّنَا وَأَهْلَنَا الضُّرُّ وَجِئْنَا بِبِضَاعَةٍ مُزْجَاةٍ فَأَوْفِ لَنَا الْكَيْلَ وَتَصَدَّقْ عَلَيْنَا ۖ إِنَّ اللَّهَ يَجْزِي الْمُتَصَدِّقِينَ
এতেকে যেতিয়া সিহঁত ইউছুফৰ ওচৰত উপস্থিত হ’ল তেতিয়া সিহঁতে ক’লে, ‘হে আজীজ! আমি আৰু আমাৰ পৰিয়ালবৰ্গ বিপন্ন হৈ পৰিছো আৰু আমি তুচ্ছ পুঁজি লৈ আহিছো; গতিকে আপুনি আমাক খাদ্য-সামগ্ৰী পূৰ্ণ মাত্ৰাত প্ৰদান কৰক আৰু আমাৰ প্ৰতি অনুগ্ৰহ কৰক; নিশ্চয় আল্লাহে অনুগ্ৰহকাৰী সকলক পুৰষ্কৃত কৰে’।
তাফছীৰ
এতেকে সিহঁতে পিতৃ আদেশ পালন কৰিলে আৰু ইউছুফ তথা তেওঁৰ ভাতৃক সন্ধান কৰিবলৈ ওলাই পৰিল। সিহঁত ইউছুফৰ ওচৰত উপস্থিত হৈ ক'লেঃ আমি বিপদত তথা অভাৱত পৰিছো। অলপ মূল্য লৈ আহিছো। কিন্তু আপুনি আমাক পৰিপূৰ্ণ খাদ্য সামগ্ৰী দিয়ক, যিদৰে ইতিপূৰ্বে আমাক প্ৰদান কৰিছিল। আমাৰ প্ৰতি কৃপা কৰক, অলপ বেছিকৈ প্ৰদান কৰি অথবা আমাৰ মূল্যক আওকাণ কৰি। নিশ্চয় আল্লাহে দানকাৰীক উত্তম প্ৰতিদান দিয়ে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক