ছূৰা 12 · জুজ 13

Yusuf · 12:75

قَالُوا جَزَاؤُهُ مَنْ وُجِدَ فِي رَحْلِهِ فَهُوَ جَزَاؤُهُ ۚ كَذَٰلِكَ نَجْزِي الظَّالِمِينَ

সিহঁতে ক’লে, ‘ইয়াৰ শাস্তি হ’ব, যাৰ টোপোলাৰ মাজত সেই পাত্ৰটো পোৱা যাব, সিয়েই তাৰ বিনিময়’। এইদৰেই আমি যালিমসকলক শাস্তি প্ৰদান কৰো।

তাফছীৰ

ইউছুফৰ ভাতৃসকলে সিহঁতক ক'লেঃ আমাৰ ইয়াত চুৰিৰ শাস্তি হৈছে এনেকুৱা যে, যাৰ ওচৰত চুৰি সামগ্ৰী উদ্ধাৰ হ'ব তাক চুৰি হোৱা সামগ্ৰীৰ মালিকৰ অধিনস্থ কৰি দিয়া হয় আৰু চোৰ তাৰ দাস বুলি গণ্য হ'ব। আমি চোৰক এইদৰে দাসত পৰিণত কৰি শাস্তি প্ৰদান কৰো।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক