ছূৰা 12 · জুজ 13
Yusuf · 12:73
قَالُوا تَاللَّهِ لَقَدْ عَلِمْتُمْ مَا جِئْنَا لِنُفْسِدَ فِي الْأَرْضِ وَمَا كُنَّا سَارِقِينَ
সিহঁতে ক’লে, ‘আল্লাহৰ শপত! আপোনালোকে জানেই দেখোন যে, আমি এই দেশত দুষ্কৃতি কৰিবলৈ অহা নাই আৰু আমি চোৰো নহয়’।
তাফছীৰ
ইউছুফৰ ভাতৃসকলে ক'লেঃ আল্লাহৰ শপত তোমালোকে নিশ্চিতভাৱে জানা যে, আমি স্বচ্ছ আৰু নিৰপৰাধী। আমাৰ ব্যৱহাৰ দেখিয়ে হয়তো তোমালোকে গম পাইছা। পতিয়ন যাওঁক, আমি মিচৰত বিপৰ্যয় সৃষ্টি কৰিবলৈ অহা নাই। আমি জীৱনতো কেতিয়াও চুৰি কৰা নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক