ছূৰা 12 · জুজ 13
Yusuf · 12:65
وَلَمَّا فَتَحُوا مَتَاعَهُمْ وَجَدُوا بِضَاعَتَهُمْ رُدَّتْ إِلَيْهِمْ ۖ قَالُوا يَا أَبَانَا مَا نَبْغِي ۖ هَٰذِهِ بِضَاعَتُنَا رُدَّتْ إِلَيْنَا ۖ وَنَمِيرُ أَهْلَنَا وَنَحْفَظُ أَخَانَا وَنَزْدَادُ كَيْلَ بَعِيرٍ ۖ ذَٰلِكَ كَيْلٌ يَسِيرٌ
আৰু যেতিয়া সিহঁতে সিহঁতৰ খাদ্যসামগ্ৰীৰ টোপোলা খুলিলে তেতিয়া সিহঁতে দেখিবলৈ পালে যে, সিহঁতৰ পণ্যমূল্য সিহঁতক উভতাই দিয়া হৈছে। সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমি আৰু কি প্ৰত্যাশা কৰিব পাৰো? চাওঁক এয়া আমি দিয়া পণ্যমূল্য, আমাক আকৌ উভতাই দিয়া হৈছে। আমি আমাৰ পৰিয়ালবৰ্গক খাদ্য-সামগ্ৰী আনি দিম আৰু আমি আমাৰ ভাতৃৰ ৰক্ষণাবেক্ষণ কৰিম লগতে আমি অতিৰিক্ত আৰু এটা উটৰ (পিঠিত) পণ্য আনিম; এই পৰিমাণৰ শস্য লৈ অহা অতি সহজ’।
তাফছীৰ
যেতিয়া সিহঁতে সিহঁতৰ লৈ অহা খাদ্য সামগ্ৰীৰ পাত্ৰসমূহ উন্মুক্ত কৰিলে, তেতিয়া তাত দেখা পালে যে সিহঁতৰ মূল্য ঘূৰাই দিয়া হৈছে। এই দেখি সিহঁতে পিতৃক ক'লেঃ এই সন্মান পোৱাৰ পিছত আজিজৰ পৰা আমি আৰু কি পাব লাগে, এয়া চাওঁক আমাৰ খাদ্য সামগ্ৰীৰ মূল্য, আজিজে আমাৰ প্ৰতি অনুগ্ৰহ কৰি আমাক ঘূৰাই দিছে। আমি আমাৰ পৰিয়ালৰ বাবে খাদ্য লৈ আহিম আৰু আমাৰ ভাতৃৰো হিফাজত কৰিম সেইটোৰ পৰা যিটোক আপুনি ভয় কৰে। লগতে এওঁক লগত লৈ গ'লে এক উটৰ বহন সামগ্ৰী অধিক লাভ কৰিম। এটা উটৰ বহন সামগ্ৰী অধিক দিয়াটো আজিজৰ বাবে কোনো ডাঙৰ বিষয় নহয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক