ছূৰা 12 · জুজ 13

Yusuf · 12:63

فَلَمَّا رَجَعُوا إِلَىٰ أَبِيهِمْ قَالُوا يَا أَبَانَا مُنِعَ مِنَّا الْكَيْلُ فَأَرْسِلْ مَعَنَا أَخَانَا نَكْتَلْ وَإِنَّا لَهُ لَحَافِظُونَ

এতেকে সিহঁতে যেতিয়া সিহঁতৰ পিতৃ ওচৰত উভতি আহিল, তেতিয়া সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমাৰ বাবে পৰিমাপকৃত খাদ্য সামগ্ৰী নিষিদ্ধ কৰা হৈছে। গতিকে আমাৰ ভায়েকক আমাৰ লগত পঠাই দিয়ক যাতে আমি পৰিমাপকৃত খাদ্য সামগ্ৰী পাওঁ। অৱশ্যে আমি তাৰ হিফাজত কৰিম’।

তাফছীৰ

এতেকে সিহঁত যেতিয়া পিতৃৰ ওচৰলৈ উভতি গ'ল আৰু ইউছুফৰ ওচৰত পোৱা সন্মানৰ কথা বিৱৰি কোৱাৰ পিছত ক'লেঃ হে আমাৰ পিতৃ! আমি যদি আমাৰ এই ভাতৃক লগত লৈ নাযাওঁ তেন্তে আমাক খাদ্য সামগ্ৰী দিয়াৰ পৰা বঞ্চিত কৰিব। সেয়ে তেওঁক আমাৰ লগত পঠাই দিয়ক। কাৰণ যদি আপুনি তেওঁক আমাৰ লগত পঠাই দিয়ে তেন্তে আমি আমাৰ প্ৰাপ্য খাদ্য পাম। আমি আপোনাক কথা দিলো, তেওঁ সুৰক্ষিত আপোনাৰ ওচৰত নহা লৈকে, আমি তাক সুৰক্ষা প্ৰদান কৰিম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক