ছূৰা 12 · জুজ 12
Yusuf · 12:51
قَالَ مَا خَطْبُكُنَّ إِذْ رَاوَدْتُنَّ يُوسُفَ عَنْ نَفْسِهِ ۚ قُلْنَ حَاشَ لِلَّهِ مَا عَلِمْنَا عَلَيْهِ مِنْ سُوءٍ ۚ قَالَتِ امْرَأَتُ الْعَزِيزِ الْآنَ حَصْحَصَ الْحَقُّ أَنَا رَاوَدْتُهُ عَنْ نَفْسِهِ وَإِنَّهُ لَمِنَ الصَّادِقِينَ
ৰজাই নাৰীসকলক ক’লে, ‘যেতিয়া তোমালোকে ইউছুফৰ পৰা অসৎকৰ্ম কামনা কৰিছিলা, তেতিয়া তোমালোকৰ কি হৈছিল’? সিহঁতে ক’লে, ‘অদ্ভুত আল্লাহৰ মাহাত্ম্য! আমি তেওঁৰ মাজত কোনো দোষ পোৱা নাছিলো’। আজীজৰ স্ত্ৰীয়ে ক’লে, ‘এতিয়াহে সত্য প্ৰকাশ পালে, মইহে তেওঁক প্ৰৰোচনা দিছিলো, আৰু তেওঁ নিশ্চয় সত্যবাদীসকলৰ অন্তৰ্ভুক্ত’।
তাফছীৰ
ৰজাই মহিলাসকলক সম্বোধন কৰি ক'লেঃ সেই সময়ত তোমালোকৰ কি অনুভৱ আছিল, যেতিয়া তোমালোকে ইউছুফক চক্ৰান্তৰ দ্বাৰা কুকৰ্ম কৰিবলৈ প্ৰয়াস কৰিছিলা, তেতিয়া মহিলাসকলে ৰজাক উত্তৰ দি কৈছিলঃ আদ্ভুত আল্লাহৰ মাহাত্ম্য! ইউছুফক অপবাদ দিয়া হৈছে, আল্লাহৰ শপত! আমি তেওঁৰ মাজত কোনো দোষ দেখা পোৱা নাছিলোঁ। সেই সময়ত আজীজৰ স্ত্ৰীয়ে অপৰাধ স্বীকাৰ কৰি ক'লেঃ এতিয়া যিহেতু সত্য উদ্ঘাটন হৈছে, তেন্তে শুনক! ময়েই তেওঁক ফুচলাবলৈ চেষ্টা কৰিছিলোঁ। তেওঁ মোক পাবলৈ চেষ্টা কৰা নাছিল। মই জাপি দিয়া অপবাদৰ পৰা তেওঁ নিজকে ৰক্ষা কৰিবলৈ দাঙি ধৰা যুক্তিত তেওঁ নিশ্চয় সত্যবাদী।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক