ছূৰা 12 · জুজ 12
Yusuf · 12:34
فَاسْتَجَابَ لَهُ رَبُّهُ فَصَرَفَ عَنْهُ كَيْدَهُنَّ ۚ إِنَّهُ هُوَ السَّمِيعُ الْعَلِيمُ
সেয়ে তেওঁৰ প্ৰতিপালকে তেওঁৰ প্ৰাৰ্থনাত সঁহাৰি জনালে আৰু তেওঁক সিহঁতৰ ছলনাৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
তাফছীৰ
ফলত আল্লাহে তেওঁৰ প্ৰাৰ্থনা কবূল কৰিলে আৰু তেওঁক আজিজৰ পত্নীৰ কূটকৌশল আৰু চহৰৰ নাৰীসকলৰ চক্ৰান্তৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় আল্লাহ পৱিত্ৰ আৰু সুউচ্চ, তেওঁ ইউছুফ তথা প্ৰত্যেক প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা শ্ৰৱণকাৰী, তেওঁ ইউছুফৰ তথা আন আন লোকৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক