ছূৰা 12 · জুজ 12

Yusuf · 12:3

نَحْنُ نَقُصُّ عَلَيْكَ أَحْسَنَ الْقَصَصِ بِمَا أَوْحَيْنَا إِلَيْكَ هَٰذَا الْقُرْآنَ وَإِنْ كُنْتَ مِنْ قَبْلِهِ لَمِنَ الْغَافِلِينَ

আমি তোমাৰ ওচৰত উত্তম কাহিনী বৰ্ণনা কৰিছো, অহীৰ মাধ্যমত তোমাৰ ওচৰলৈ এই কোৰআন প্ৰেৰণ কৰি; যদিও ইয়াৰ আগত তুমি আছিলা অনৱহিত সকলৰ অন্তৰ্ভুক্ত।

তাফছীৰ

হে ৰাছুল! আমি আপোনাক এনেকুৱা কাহিনী বৰ্ণনা কৰি আছো যিটো সাহিত্য দিশৰ পৰা, শব্দৰ শুদ্ধতা আৰু সত্যতাৰ ফালৰ পৰা অতি উত্তম। নিশ্চয় আপুনি এইটো অৱতীৰ্ণ হোৱাৰ পূৰ্বে এই সম্পৰ্কে কোনো জ্ঞান নাছিল তথা আপুনি অমনোযোগী আছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক