ছূৰা 12 · জুজ 12
Yusuf · 12:21
وَقَالَ الَّذِي اشْتَرَاهُ مِنْ مِصْرَ لِامْرَأَتِهِ أَكْرِمِي مَثْوَاهُ عَسَىٰ أَنْ يَنْفَعَنَا أَوْ نَتَّخِذَهُ وَلَدًا ۚ وَكَذَٰلِكَ مَكَّنَّا لِيُوسُفَ فِي الْأَرْضِ وَلِنُعَلِّمَهُ مِنْ تَأْوِيلِ الْأَحَادِيثِ ۚ وَاللَّهُ غَالِبٌ عَلَىٰ أَمْرِهِ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يَعْلَمُونَ
আৰু মিচৰৰ যিজন ব্যক্তিয়ে তাক কিনি লৈছিল, সি তাৰ স্ত্ৰীক ক’লে, ‘ইয়াৰ থকাৰ বাবে সন্মানজনক ব্যৱস্থা কৰা, সম্ভৱত ই আমাৰ উপকাৰত আহিব অথবা আমি ইয়াক পুত্ৰৰূপেও গ্ৰহণ কৰিব পাৰি’। এইদৰে আমি ইউছুফক সেই দেশত প্ৰতিষ্ঠিত কৰিলো; আৰু যাতে আমি তাক সপোনৰ ব্যাখ্যা শিকাই দিওঁ। কাৰণ আল্লাহ নিজৰ কৰ্ম সম্পাদনত অপ্ৰতিহত, কিন্তু অধিকাংশ মানুহেই নাজানে।
তাফছীৰ
মিচৰৰ যিজন ব্যক্তিয়ে তেওঁক ক্ৰয় কৰিছিল, তেওঁ নিজৰ পত্নীক উদ্দেশ্যি ক'লেঃ এওঁৰ লগত ভাল ব্যৱহাৰ কৰিবা আৰু আমাৰ লগত থকাৰ বাবে ইয়াৰ বাবে ভাল ব্যৱস্থা কৰা। সম্ভৱতঃ এওঁৰ দ্বাৰা আমাৰ কোনো উপকাৰ হ'ব, অথবা আমি এওঁক তুলনীয়া পুত্ৰ কৰি লম। যিদৰে আমি ইউছুফক হত্যাৰ পৰা ৰক্ষা কৰিছিলো, কুঁৱাৰ পৰা উঠাই আনিছিলো আৰু আজিজৰ অন্তৰত তেওঁৰ প্ৰতি স্নেহ সৃষ্টি কৰিছিলো, সেইদৰে আমি তেওঁক মিচৰত প্ৰতিষ্ঠা কৰিছিলো যাতে আমি তেওঁক সপোনৰ ব্যাখ্যা শিকাব পাৰো। নিশ্চয় আল্লাহ নিজৰ কৰ্মত সক্ষম। তেওঁৰ আদেশ নিশ্চিতভাৱে কাৰ্যকৰী হয়। তেওঁক কোনেও বাধ্য কৰাব নোৱাৰে। কিন্তু অধিকাংশ লোক অৰ্থাৎ কাফিৰসকলে এই কথা নাজানে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক