ছূৰা 12 · জুজ 12
Yusuf · 12:19
وَجَاءَتْ سَيَّارَةٌ فَأَرْسَلُوا وَارِدَهُمْ فَأَدْلَىٰ دَلْوَهُ ۖ قَالَ يَا بُشْرَىٰ هَٰذَا غُلَامٌ ۚ وَأَسَرُّوهُ بِضَاعَةً ۚ وَاللَّهُ عَلِيمٌ بِمَا يَعْمَلُونَ
আৰু সিপিনে এটা যাত্ৰীদল আহিল, সিহঁতে সিহঁতৰ পানী সংগ্ৰাহকক পানী আনিবলৈ পঠাই দিলে, সি তাৰ পানী তোলা পাত্ৰটো নাদত নমাই দিলে। সি আনন্দত কৈ উঠিল, ‘কি সুখবৰ! এয়া দেখোন শিশু’! আৰু সিহঁতে তাক পণ্যদ্ৰব্য বুলি লুকাই ৰাখিলে। কিন্তু সিহঁতে যি কৰিছিল সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।
তাফছীৰ
সেই বাটেৰ এদল ভ্ৰমণকাৰী গৈ আছিল, তেওঁলোকে এজনক কুঁৱাৰ পৰা পানী আনিবলৈ প্ৰেৰণ কৰিলে। সেই ব্যক্তিয়ে কুঁৱাৰ পৰা পানী তুলিবলৈ বাল্টি পেলোৱাৰ লগে লগে ইউছুফে ৰছিডাল ধৰি পেলালে। ব্যক্তিজনে তেওঁক দেখাৰ লগে লগে আনন্দত জপিয়াই উঠিল আৰু ক'লেঃ হেৰা শুনা! এটি আনন্দৰ খবৰ, এয়া দেখোন এজন বালক। সি আৰু তাৰ কেইজনমান সঙ্গীয়ে ইউছুফক ব্যৱসায়ী সম্পদ বুলি ভাৱি গোপন কৰি ৰাখিলে। সিহঁতে ইউছুফক লৈ যি দৰ-দাম কৰি আছিল সেই সম্পৰ্কে আল্লাহ সৰ্বজ্ঞ। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক