ছূৰা 12 · জুজ 13
Yusuf · 12:100
وَرَفَعَ أَبَوَيْهِ عَلَى الْعَرْشِ وَخَرُّوا لَهُ سُجَّدًا ۖ وَقَالَ يَا أَبَتِ هَٰذَا تَأْوِيلُ رُؤْيَايَ مِنْ قَبْلُ قَدْ جَعَلَهَا رَبِّي حَقًّا ۖ وَقَدْ أَحْسَنَ بِي إِذْ أَخْرَجَنِي مِنَ السِّجْنِ وَجَاءَ بِكُمْ مِنَ الْبَدْوِ مِنْ بَعْدِ أَنْ نَزَغَ الشَّيْطَانُ بَيْنِي وَبَيْنَ إِخْوَتِي ۚ إِنَّ رَبِّي لَطِيفٌ لِمَا يَشَاءُ ۚ إِنَّهُ هُوَ الْعَلِيمُ الْحَكِيمُ
আৰু ইউছুফে তেওঁৰ পিতৃ-মাতৃক উচ্চ আসনত বহুৱালে আৰু তেওঁলোক সকলোৱে তেওঁৰ সন্মানত ছাজদাৱনত হ’ল। তেতিয়া তেওঁ ক’লে, ‘হে মোৰ পিতৃ! এইটোৱেই মোৰ সপোনৰ ব্যাখ্যা; মোৰ প্ৰতিপালকে ইয়াক সত্যত পৰিণত কৰিছে আৰু তেৱেঁই মোক কাৰাগাৰৰ পৰা মুক্ত কৰিছে আৰু চয়তানে মোৰ আৰু মোৰ ভাতৃসকলৰ সম্পৰ্ক বিনষ্ট কৰাৰ পিছতো আপোনালোকক মৰুভূমি অঞ্চলৰ পৰা ইয়াত আনি তেওঁ মোৰ প্ৰতি অনুগ্ৰহ কৰিছে। নিশ্চয় মোৰ প্ৰতিপালকে যি ইচ্ছা কৰে সেয়া নিপুণতাৰ সৈতে কৰে। নিশ্চয় তেৱেঁই সৰ্বজ্ঞ, প্ৰজ্ঞাময়’।
তাফছীৰ
তথা নিজৰ পিতৃ-মাতৃক তেওঁৰ সিংহাসনত বহোৱালে। তেওঁক তেওঁৰ পিতৃ-মাতৃ আৰু এঘাৰ ভাতৃয়ে ছাজদাহ কৰি সেৱা জনালে। জানি থোৱা উচিত যে, এই ছাজদাহ আছিল সন্মানৰ বাবে, ইবাদতৰ বাবে নহয়। তথা আল্লাহৰ আদেশ পালন কৰিবলৈহে কৰিছিল, যিদৰে সপোনত দেখুৱা হৈছিল। সেই কাৰণেই ইউছুফে তেওঁৰ পিতৃক কৈছিলঃ আপোনালোকে ছাজদাৰ জৰিয়তে জনোৱা এই সেৱাটো হৈছে মোৰ সেই সপোনৰ ব্যাখ্যা যিটো মই পূৰ্বেই দেখিছিলোঁ আৰু আপোনাৰ ওচৰত বৰ্ণনা কৰিছিলোঁ। আজি আল্লাহে সেইটোক বাস্তৱ কৰি দেখুৱালে। মোক কাৰাগাৰৰ পৰা মুক্তি প্ৰদান কৰি তথা আপোনালোকক গাওঁৰ পৰা ইয়ালৈ আনি, মোৰ প্ৰতিপালকে মোৰ প্ৰতি উপকাৰ কৰিছে। অথচ চয়তানে মোৰ আৰু মোৰ ভাতৃসকলৰ মাজত সমস্যাৰ সৃষ্টি কৰিছিল। নিশ্চয় মোৰ প্ৰতিপালক নিজ ইচ্ছা অনুসৰি উপায় সৃষ্টিৰ ক্ষেত্ৰত সুক্ষ্মদৰ্শী। নিশ্চয় তেওঁ বান্দাৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ। পৰিচালনাত তেওঁ মহাপ্ৰজ্ঞাৱান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক