ছূৰা 110 · জুজ 30
An-Nasr · 110:3
فَسَبِّحْ بِحَمْدِ رَبِّكَ وَاسْتَغْفِرْهُ ۚ إِنَّهُ كَانَ تَوَّابًا
তেতিয়া তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাসহ তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিবা আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা, নিশ্চয় তেওঁ তাওবা গ্ৰহণকাৰী।
তাফছীৰ
তেন্তে আপুনি জানি লব যে এয়া সেই মিচনৰ সমাপ্তিৰ নিকটৱৰ্তীৰ ইংগিতহে। যাৰ সৈতে আপোনাক প্ৰেৰিত কৰা হৈছিল। আপুনি সহায় আৰু বিজয় প্ৰদানৰ প্ৰতি কৃতজ্ঞতা পালন স্বৰূপে আপোনাৰ প্ৰতিপালকৰ প্ৰসংশা আৰু পৱিত্ৰতা বৰ্ণনা কৰক। আৰু তাৰ পৰা ক্ষমা প্ৰৰ্থনা কৰক। নিশ্চয় তেওঁ তাওবা কবুলকাৰী আৰু ক্ষমাকাৰী।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক