ছূৰা 11 · জুজ 12
Hud · 11:89
وَيَا قَوْمِ لَا يَجْرِمَنَّكُمْ شِقَاقِي أَنْ يُصِيبَكُمْ مِثْلُ مَا أَصَابَ قَوْمَ نُوحٍ أَوْ قَوْمَ هُودٍ أَوْ قَوْمَ صَالِحٍ ۚ وَمَا قَوْمُ لُوطٍ مِنْكُمْ بِبَعِيدٍ
‘আৰু হে মোৰ সম্প্ৰদায়! মোৰ লগত কৰা বৈৰিতাই যেন তোমালোকক কেতিয়াও এনে অপৰাধ কৰিবলৈ প্ৰৰোচিত নকৰে যাৰ ফলত তোমালোকৰ ওপৰত সেইদৰে বিপদ আপতিত হ’ব যিদৰে আপতিত হৈছিল নূহৰ সম্প্ৰদায়ৰ ওপৰত অথবা হূদৰ সম্প্ৰদায়ৰ ওপৰত নাইবা ছলেহৰ সম্প্ৰদায়ৰ ওপৰত; আৰু লূতৰ সম্প্ৰদায় তোমালোকৰ পৰা বেছি দূৰত নহয়’।
তাফছীৰ
হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মোৰ লগত তোমালোকৰ শত্ৰুতাই যেন মই লৈ অহা চৰীয়তক অস্বীকাৰ কৰিবলৈ অৰিহণা নোযোগায়। মই আশংকা কৰিছো তোমালোকে যেনিবা সেই শাস্তিৰ সন্মুখীন হোৱা নেকি, যি শাস্তি ভোগ কৰিছিল নূহ সম্প্ৰদায়, হূদ সম্প্ৰদায় আৰু ছলেহৰ সম্প্ৰদায়ে। আনহাতে লূত সম্প্ৰদায়ে ভোগ কৰা শাস্তিও দেখোন তোমালোকৰ পৰা সময় তথা স্থানৰ ক্ষেত্ৰতো বেছি দূৰ নহয়। তোমালোকে দেখোন জানাই সিহঁতৰ প্ৰতি কেনেকুৱা শাস্তি আহিছিল। এতেকে তোমালোকে তাৰ পৰা শিক্ষা লোৱা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক