ছূৰা 11 · জুজ 12
Hud · 11:87
قَالُوا يَا شُعَيْبُ أَصَلَاتُكَ تَأْمُرُكَ أَنْ نَتْرُكَ مَا يَعْبُدُ آبَاؤُنَا أَوْ أَنْ نَفْعَلَ فِي أَمْوَالِنَا مَا نَشَاءُ ۖ إِنَّكَ لَأَنْتَ الْحَلِيمُ الرَّشِيدُ
সিহঁতে ক’লে, ‘হে ছুআইব! তোমাৰ ছালাতে তোমাক এই নিৰ্দেশ দিয়ে নেকি যে, আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল আমি সিহঁতক বৰ্জন কৰিব লাগিব আৰু আমি আমাৰ ধন-সম্পদ সম্পৰ্কে নিজ ইচ্ছামতে যি কৰো সেয়াও (বৰ্জন কৰিব লাগিব)? কেৱল তুমিহে সহিষ্ণু, সদাচাৰী’!
তাফছীৰ
ছোআইব আলাইহিছ ছালামৰ জাতিৰ লোকসকলে তেওঁক ক'লেঃ হে ছোআইব! তোমাৰ ছালাত, যিটো তুমি আল্লাহৰ বাবে আদায় কৰা, তোমাক এই আদেশ দিয়ে নেকি যে, আমি যেন সেইবোৰ মূৰ্তিৰ উপাসনা এৰি দিওঁ যিবোৰক আমাৰ পিতৃ-পুৰুষসকলে উপাসনা কৰিছিল। আৰু এই আদেশ দিয়ে নেকি যে, আমি যেন আমাৰ সম্পত্তিত আমাৰ ইচ্ছানুযায়ী একো কৰিব নোৱাৰো আৰু আমি যাতে আমাৰ সম্পত্তি ইচ্ছানুযায়ী বৃদ্ধিও কৰিব নোৱাৰো? নিশ্চয় তুমি এজন সহনশীল তথা পূণ্যৱান লোক। কাৰণ এই আহ্বানৰ পূৰ্বে আমি তোমাক এজন বিবেকৱান তথা প্ৰজ্ঞাৱান লোক হিচাপে পাইছিলো। কিন্তু এতিয়া তোমাৰ কি হৈছে?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক