ছূৰা 11 · জুজ 12
Hud · 11:56
إِنِّي تَوَكَّلْتُ عَلَى اللَّهِ رَبِّي وَرَبِّكُمْ ۚ مَا مِنْ دَابَّةٍ إِلَّا هُوَ آخِذٌ بِنَاصِيَتِهَا ۚ إِنَّ رَبِّي عَلَىٰ صِرَاطٍ مُسْتَقِيمٍ
‘মই কেৱল নিৰ্ভৰ কৰো মোৰ আৰু তোমালোকৰ ৰব আল্লাহৰ ওপৰত; এনে কোনো জীৱ-জন্তু নাই, যিটো তেওঁৰ পূৰ্ণ আয়ত্তাধীন নহয়; নিশ্চয় মোৰ ৰব সৰল পথত আছে’।
তাফছীৰ
নিশ্চয় মই কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰিছো, আৰু মোৰ সকলো বিষয় তেওঁৰ ওপৰতেই অৰ্পন কৰিছো। তেৱেঁই মোৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক। পৃথিৱীত চলাচল কৰা সকলো জীৱ-জন্তু আল্লাহৰ ৰাজত্ব তথা তেওঁৰ ক্ষমতাৰ অধীনস্থ। তেওঁ যেনেকৈ ইচ্ছা নিয়ন্ত্ৰণ কৰে। নিশ্চয় মোৰ প্ৰতিপালক সত্যৰ ওপৰত প্ৰতিষ্ঠিত। সেয়ে তেওঁ কেতিয়াও তোমালোকক মোৰ ওপৰত জাপি নিদিব। কিয়নো মই আছো সত্যৰ ওপৰত আৰু তোমালোক আছা অসত্যৰ ওপৰত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক