ছূৰা 11 · জুজ 11

Hud · 11:3

وَأَنِ اسْتَغْفِرُوا رَبَّكُمْ ثُمَّ تُوبُوا إِلَيْهِ يُمَتِّعْكُمْ مَتَاعًا حَسَنًا إِلَىٰ أَجَلٍ مُسَمًّى وَيُؤْتِ كُلَّ ذِي فَضْلٍ فَضْلَهُ ۖ وَإِنْ تَوَلَّوْا فَإِنِّي أَخَافُ عَلَيْكُمْ عَذَابَ يَوْمٍ كَبِيرٍ

লগতে তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তাৰ পিছত তেওঁৰ পিনে উভতি আহা, তেওঁ তোমালোকক এটা নিৰ্দিষ্ট সময়ৰ এটা উত্তম জীৱন উপভোগ কৰিবলৈ দিব আৰু তেওঁ প্ৰত্যেক গুণী ব্যক্তিক তাৰ প্ৰাপ্য মৰ্যাদা প্ৰদান কৰিব; আৰু যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে নিশ্চয় মই তোমালোকৰ ওপৰত মহা দিৱসৰ শাস্তিৰ আশংকা কৰো।

তাফছীৰ

হে মানৱজাতি! নিজৰ গুনাহৰ পৰা নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। তোমালোকে তেওঁৰ যি অবাধ্যতা কৰিছা, তাৰ প্ৰতি অনুতপ্ত হৈ তেওঁৰ ফালে প্ৰত্যাৱৰ্তন কৰা। তেওঁ তোমালোকক পাৰ্থিৱ জীৱনত, তোমালোকৰ নিৰ্দিষ্ট সময় সমাপ্ত নোহোৱালৈকে সুখ উপভোগৰ উত্তম সামগ্ৰী প্ৰদান কৰিব। প্ৰত্যেক সেই ব্যক্তি যিয়ে অতিৰিক্ত আনুগত্য তথা সৎকৰ্ম কৰে, তাৰ শ্ৰেষ্ঠতাৰ সম্পূৰ্ণ প্ৰতিকাৰ প্ৰদান কৰিব, তথা তাত একো হ্ৰাস কৰা নহ'ব। আনহাতে মই মোৰ প্ৰতিপালকৰ পৰা লৈ অহা চৰীয়তৰ প্ৰতি যদি তোমালোকে ঈমান পোষণ কৰাৰ পৰা বিমুখ হোৱা, তেন্তে শুনা! মই তোমালোকক এটা ভয়ঙ্কৰ দিনৰ পৰা সতৰ্ক কৰোঁ, সেয়া হৈছে ক্বিয়ামত দিৱস।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক