ছূৰা 11 · জুজ 12

Hud · 11:25

وَلَقَدْ أَرْسَلْنَا نُوحًا إِلَىٰ قَوْمِهِ إِنِّي لَكُمْ نَذِيرٌ مُبِينٌ

আৰু অৱশ্যে আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ পঠিয়াইছিলো। তেওঁ কৈছিল, ‘নিশ্চয় মই তোমালোকৰ বাবে প্ৰকাশ্য সতৰ্ককাৰী’।

তাফছীৰ

অৱশ্যে আমি নূহ আলাইহিছ ছালামক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলো। তেওঁ সিহঁতক কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! নিশ্চয় মই এজন সতৰ্ককাৰী, তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰোঁ। তথা মোক যি প্ৰদান কৰি তোমালোকৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে, সেয়া মই স্পষ্টৰূপে বৰ্ণনা কৰোঁ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক