ছূৰা 10 · জুজ 11
Yunus · 10:85
فَقَالُوا عَلَى اللَّهِ تَوَكَّلْنَا رَبَّنَا لَا تَجْعَلْنَا فِتْنَةً لِلْقَوْمِ الظَّالِمِينَ
তেতিয়া সিহঁতে ক’লে, ‘আমি আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰিলো। হে আমাৰ ৰব! তুমি আমাক যালিম সম্প্ৰদায়ৰ উৎপীড়নৰ পাত্ৰ নকৰিবা’।
তাফছীৰ
তেতিয়া তেওঁলোকে মূছা আলাইহিছ ছালামক উত্তৰ দি ক'লেঃ আমি কেৱল আল্লাহৰ প্ৰতি ভৰসা কৰিছো। হে আমাৰ প্ৰতিপালক! তুমি আমাক অন্যায়কাৰীসকলৰ অধীনস্থ নকৰিবা। কাৰণ সিহঁতে আমাক শাস্তি, হত্যা আৰু প্ৰলোভন প্ৰদান কৰি ধৰ্মৰ পৰা বিচলিত কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক