ছূৰা 10 · জুজ 11
Yunus · 10:81
فَلَمَّا أَلْقَوْا قَالَ مُوسَىٰ مَا جِئْتُمْ بِهِ السِّحْرُ ۖ إِنَّ اللَّهَ سَيُبْطِلُهُ ۖ إِنَّ اللَّهَ لَا يُصْلِحُ عَمَلَ الْمُفْسِدِينَ
ফলত যেতিয়া সিহঁতে নিক্ষেপ কৰিলে, তেতিয়া মুছাই ক’লে, ‘তোমালোকে যি লৈ আহিছা সেয়া হৈছে যাদু, নিশ্চয় আল্লাহে সেয়া অসাৰ (বাতিল) কৰি দিব। নিশ্চয় আল্লাহে অশান্তি সৃষ্টিকাৰীসকলৰ কৰ্মক সাৰ্থক নকৰে’।
তাফছীৰ
সিহঁতৰ ওচৰত যি নিক্ষেপ কৰিবলগীয়া আছিল, সিহঁতে যেতিয়া সেয়া নিক্ষেপ কৰিলে, তেতিয়া মূছা আলাইহিছ ছালামে সিহঁতক ক'লেঃ তোমালোকে যি দেখুৱাই আছা সেইটোহে যাদু। তোমালোকে যি দেখুৱাই আছা এইটোক আল্লাহে অৱশ্যে এনেকৈ বিনষ্ট কৰিব যে, ইয়াৰ কোনো চিহ্নও অৱশিষ্ট নাথাকিব। দৰাচলতে তোমালোকে যাদুৰ দ্বাৰা পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি আছা। অৱশ্যে আল্লাহে বিপৰ্যয় সৃষ্টিকাৰীৰ কৰ্ম সংশোধন নকৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক