ছূৰা 10 · জুজ 11

Yunus · 10:53

۞ وَيَسْتَنْبِئُونَكَ أَحَقٌّ هُوَ ۖ قُلْ إِي وَرَبِّي إِنَّهُ لَحَقٌّ ۖ وَمَا أَنْتُمْ بِمُعْجِزِينَ

আৰু সিহঁতে তোমাৰ ওচৰত জানিব বিচাৰে যে, ‘এইটো সঁচাই নেকি’? কোৱা, ‘হয়, মোৰ প্ৰতিপালকৰ শপত! এইটো অৱশ্যে সত্য আৰু তোমালোকে কেতিয়াও প্ৰতিৰোধ কৰিব নোৱাৰিবা’।

তাফছীৰ

হে ৰাছুল! মুশ্বৰিকসকলে আপোনাক সোধে যে, আমাক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া সত্য নে? আপুনি সিহঁতক কৈ দিয়ক যে, হয়। আল্লাহৰ শপত! নিশ্চয় এয়া সত্য। আৰু তোমালোক ইয়াৰ পৰা ৰক্ষা নাপাবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক