ছূৰা 10 · জুজ 11

Yunus · 10:51

أَثُمَّ إِذَا مَا وَقَعَ آمَنْتُمْ بِهِ ۚ آلْآنَ وَقَدْ كُنْتُمْ بِهِ تَسْتَعْجِلُونَ

তেন্তে তোমালোকে এইটো সংঘটিত হোৱাৰ পিছত ঈমান আনিবা নেকি? এতিয়া?! অথচ তোমালোকে ইয়াৰ আগমনৰ বাবেই খৰখেদা কৰিছিলা।

তাফছীৰ

তোমালোকক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেই শাস্তি তোমালোকৰ ওপৰত আহি পৰাৰ পিছত তোমালোকে ঈমান আনিবা নেকি, অথচ সেই সময়ৰ ঈমানে কোনো ব্যক্তিক লাভান্বিত নকৰিব, যদি সি পূৰ্বে ঈমান পোষণ কৰা নাই? তোমালোকে এতিয়া ঈমান আনিবা, অথচ ইতিপূৰ্বে তোমালোকে অস্বীকাৰ কৰি শাস্তিৰ বাবে খৰধৰ কৰি আছিলা?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক