ছূৰা 10 · জুজ 11
Yunus · 10:48
وَيَقُولُونَ مَتَىٰ هَٰذَا الْوَعْدُ إِنْ كُنْتُمْ صَادِقِينَ
আৰু সিহঁতে কয়, ‘যদি তোমালোকে সত্যবাদী হোৱা, (তেন্তে কোৱা) এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ’ব’?
তাফছীৰ
এই কাফিৰসকলে স্বৈৰাচাৰীতা দেখুৱাই চেলেঞ্জ কৰি কয় যে, তুমি আমাক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছা, যদি তুমি নিজৰ দাবীত সত্যবাদী তেন্তে কোৱা সেই শাস্তিৰ সময় কেতিয়া আহিব?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক