ছূৰা 10 · জুজ 11

Yunus · 10:25

وَاللَّهُ يَدْعُو إِلَىٰ دَارِ السَّلَامِ وَيَهْدِي مَنْ يَشَاءُ إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ

আৰু আল্লাহে শান্তিৰ আবাসৰ ফালে আহ্বান কৰে আৰু যাক ইচ্ছা সৰল পথত পৰিচালিত কৰে।

তাফছীৰ

আল্লাহে সকলোকে তেওঁৰ জান্নাতৰ পিনে আহ্বান কৰে, যিটো হৈছে শান্তিৰ ঘৰ। য’ত মানুহ দুখ-কষ্ট আৰু বিপদ-আপদৰ পৰা সুৰক্ষিত থাকিব, লগতে মৃত্যুৰ পৰাও সুৰক্ষিত থাকিব। আল্লাহে যাক ইচ্ছা কৰে দ্বীন ইছলাম মানি চলাৰ তাওফীক প্ৰদান কৰে, আৰু এই ইছলামেই তাক শান্তিৰ ঘৰলৈ লৈ যাব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক