ছূৰা 10 · জুজ 11

Yunus · 10:2

أَكَانَ لِلنَّاسِ عَجَبًا أَنْ أَوْحَيْنَا إِلَىٰ رَجُلٍ مِنْهُمْ أَنْ أَنْذِرِ النَّاسَ وَبَشِّرِ الَّذِينَ آمَنُوا أَنَّ لَهُمْ قَدَمَ صِدْقٍ عِنْدَ رَبِّهِمْ ۗ قَالَ الْكَافِرُونَ إِنَّ هَٰذَا لَسَاحِرٌ مُبِينٌ

মানুহৰ বাবে এইটো বিস্ময়ৰ বিষয় নেকি যে, আমি সিহঁতৰেই মাজৰ পৰা এজনৰ ওচৰত অহী পঠিয়াইছো যে, তুমি মানুহক সতৰ্ক কৰা আৰু মুমিনসকলক সুসংবাদ দিয়া যে, সিহঁতৰ বাবে সিহঁতৰ প্ৰতিপালকৰ ওচৰত আছে উচ্চ মৰ্যাদা। কাফিৰসকলে কয়, ‘নিশ্চয় এওঁ এজন প্ৰকাশ্য যাদুকৰ’।

তাফছীৰ

মানুহৰ বাবে এয়া আচৰিত বিষয় নেকি যে আমি সিহঁতৰ জাতিৰেই এজনক এই আদেশ প্ৰদান কৰি অহী প্ৰেৰণ কৰিছো যে, মানুহক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰা। আৰু হে ৰাছুল! যিসকলে ঈমান আনিছে আপুনি তেওঁলোকক এই আনন্দদায়ক সুসংবাদ দি দিয়ক যে, তেওঁলোকে যি সৎকৰ্ম আগলৈ প্ৰেৰণ কৰিছে, তাৰ প্ৰতিফল স্বৰূপে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ বাবে আছে উচ্চ মৰ্যাদা। কাফিৰসকলে কয়ঃ নিশ্চয় এই ব্যক্তি যিয়ে এই আয়াতসমূহ লৈ আহিছে, তেওঁ এজন প্ৰকাশ্য যাদুকৰ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক