ছূৰা 10 · জুজ 11
Yunus · 10:15
وَإِذَا تُتْلَىٰ عَلَيْهِمْ آيَاتُنَا بَيِّنَاتٍ ۙ قَالَ الَّذِينَ لَا يَرْجُونَ لِقَاءَنَا ائْتِ بِقُرْآنٍ غَيْرِ هَٰذَا أَوْ بَدِّلْهُ ۚ قُلْ مَا يَكُونُ لِي أَنْ أُبَدِّلَهُ مِنْ تِلْقَاءِ نَفْسِي ۖ إِنْ أَتَّبِعُ إِلَّا مَا يُوحَىٰ إِلَيَّ ۖ إِنِّي أَخَافُ إِنْ عَصَيْتُ رَبِّي عَذَابَ يَوْمٍ عَظِيمٍ
আৰু যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ সিহঁতৰ ওচৰত পাঠ কৰা হয়, তেতিয়া যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে সিহঁতে কয়, ‘ইয়াৰ বাহিৰে আন এখন কোৰআন লৈ আহা, অথবা ইয়াকে পৰিবৰ্তন কৰা’। কোৱা, ‘মোৰ নিজৰ ফালৰ পৰা ইয়াত সাল-সলনি কৰা মোৰ কাম নহয়। মোৰ প্ৰতি যি অহী প্ৰেৰণ কৰা হয় মই কেৱল সেইটোৰহে অনুসৰণ কৰো। নিশ্চয় মই মহা দিৱসৰ শাস্তিৰ পৰা ভয় কৰো যদি মই মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰো’।
তাফছীৰ
আৰু যেতিয়া সিহঁতৰ সন্মুখত কোৰআনৰ স্পষ্ট আৰু তাওহীদ প্ৰমাণ কৰা আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰা লোকসকলে, যিসকলে ছোৱাব প্ৰত্যাশা নকৰে আৰু শাস্তিকো ভয় নকৰে, সিহঁতে কয়ঃ হে মুহাম্মদ! মূৰ্তি পূজাক নিন্দা কৰা এই কোৰআনৰ পৰিপূৰ্ণ অথবা কিছু অংশ আমাৰ ইচ্ছানুসৰি পৰিবৰ্তন কৰি বেলেগ কোনো কোৰআন লৈ আহা। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, ইয়াক পৰিবৰ্তন কৰা মোৰ পক্ষে সম্ভৱ নহয়, আনহাতে ইয়াৰ পৰিবৰ্তে বেলেগ কোনো কোৰআন লৈ অহাটো আৰু সম্ভৱ নহয়। কেৱল আল্লাহেই নিজৰ ইচ্ছানুসৰি ইয়াত পৰিবৰ্তন কৰিব পাৰে। মই কেৱল সেই অহীৰ অনুসৰণ কৰোঁ যিটো আল্লাহে মোৰ প্ৰতি প্ৰেৰণ কৰে। তোমালোকৰ কথা শুনি যদি মই আল্লাহৰ অৱজ্ঞা কৰোঁ তেন্তে জানি থোৱা, নিশ্চয় মই সেই মহান দিৱসৰ অৰ্থাৎ ক্বিয়ামত দিৱসৰ শাস্তিক ভয় কৰো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক